App logo

Smita Sharma

@minakshikasyap

569

friends

✍️বিষাদৰ আবেলি ✍️ চিৰিং কৈ কপিছিল বুকুখন কিবা এক অজান আশংকাত কানিমুনি সন্ধিয়া পৰত ।। এটি মাথোঁ পল বিষাদৰ আবেলি কিবা এটা যেন হ'ব ক'ৰবাত,, উদাসীন মন অটল বিভোৰ নিৰৱতাৰ সৈতে গোপন অভিসাৰ এপলক সময়....... হঠাৎ বনজুইৰ দৰে বিয়পি পৰিছিল এটি খবৰ মৃত্যুৰ খবৰ অকাল মৃত্যু,,, মোৰ বিশ্বাস হোৱা নাছিল মৌন হৈ ৰৈছিলো ক্ষন্তেক সময়ৰ বাবে । মনত উত্তৰ বিহীন অলেখ প্ৰশ্ন মৃত্যু জানো এনেকৈয়ে আহে অজানিতে সংগোপনে আশাৰ পৰিধি ভাঙি.....।। হেৰাই গল হেপাঁহৰ এটি স্বপ্ন ৰৈ গ'ল মাথোঁ কিছুমান জীয়া স্মৃতি,,, উদং হৈ ৰল কাৰোবাৰ সপোনৰ সেউজীয়া উপত্যাকা ।। মৃত্যু,,এক অকাল মৃত্যু অবিস্বাস্য অকল্পনীয় মানি ল'ব নোৱাৰা..... অথচ আমি মানি ল'বই লাগিব কাৰণ,,, মৃত্যু যে চিৰন্তন সত্য ।।